Kati Bihu Wishes in Assamese আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনলৈ কাতি বিহুৰ শুভেচ্ছা জনোৱাৰ এক সুন্দৰ উপায়। কাতি বিহু (কঙালী বিহু) অসমৰ অন্যতম পবিত্ৰ আৰু পৰম্পৰাগত উৎসৱ।
এই দিনটোত আই লক্ষ্মীৰ পূজা কৰা হয়, তুলসী তলত আৰু ধাননিত চাকি জ্বলোৱা হয়। এই পৱিত্ৰ উপলক্ষে সকলোৱে সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ কামনা কৰি আন্তৰিক শুভেচ্ছা আদান-প্ৰদান কৰে।
এই পোষ্টত আপুনি পাব সৰ্বশ্ৰেষ্ঠ Kati Bihu Wishes, Assamese Kati Bihu Greetings, Quotes, Messages, Status আৰু Facebook Caption, যিবোৰ আপুনি সহজেই WhatsApp, Facebook, Instagram আৰু অন্যান্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব পাৰিব।
Table of Contents
Happy Kati Bihu Wishes
সোণগুটিৰে নদন-বদন হওক লখিমী পথাৰ, ভঁৰাল ভৰক কৃষকৰ, কাতি বিহুৰ দিনটোত মংগল কামনা কৰিলোঁ।
কঙালীৰ কাতিয়ে আনক ভোগৰ বতৰা, সকলোলৈ কাতি বিহুৰ অযুত শুভকামনা।
কাতি বিহুৱে কঢ়িয়াই আনক আশাৰ বতৰা, সোণগুটিৰে সকলোৰে ভঁৰাল উপচি পৰক।
কাতি বিহুৰ শুভকামনা জনালোঁ। ধনে-ধানে উপচি পৰক আপোনাৰ ঘৰ।
কাতি বিহুৰ আন্তৰিক ওলগ। চাকিৰ পোহৰে জীৱনৰ অন্ধকাৰ নাশ কৰি পোহৰেৰে উজ্বলাই তোলক। তাৰেই কামনা…
তুলসীৰ তলৰ চাকিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। কঙালী বিহুৰ মংগল কামনা কৰিলোঁ।
তুলসী তলৰ চাকিগছি আৰু শইচ পথাৰৰ আকাশ বন্তিৰে চহা ৰাইজৰ ভঁৰাল আলোকিত কৰাৰ প্ৰাৰ্থনা, সকলোলৈ কাতি বিহুৰ শুভকামনা জনালোঁ ।
কাতি বিহুৰ ওলগ জনালোঁ। আশা কৰো, নতুন সম্ভাৱনাৰে সোণোৱালী হৈ উঠক কৃষিজীৱী ৰাইজৰ সপোন…
অনাগত দিনবোৰত পথাৰবোৰ সোণগুটিৰে উপচি শ্যামলা হৈ পৰক, তাৰেই কামনা কৰিলো।
আদৰৰ কাতি বিহুৰ আকাশবন্তিৰ পোহৰেৰে উজলি উঠক অসমৰ সমাজ জীৱন, সকলোলৈ কাতি বিহুৰ ওলগ।
কাতি বিহুৰ ওলগ। তুলসীৰ তলৰ চাকিগচিয়ে উজলাই তোলাক তোমাৰ মন। হওক শ্ৰীবৃদ্ধি, তাৰেই কামনা…
কাতি বিহু উপলক্ষে মংগল কামনা কৰিলো। আশা কৰো এই বিহুৱে তোমাৰ পৰিয়াললৈ শ্ৰীবৃদ্ধি কঢ়িয়াই আনিব।
তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে- কাতি বিহুৰ ওলগ জনালোঁ।
কাতি বিহু উপলক্ষে সকলোৰে কুশল-মংগল কৰিলো।
Assamese Kati Bihu Greetings
Kati Bihu Quotes in Assamese
Kati Bihu Wishes in Assamese
Kati Bihu Status in Assamese
Kati Bihu Facebook Caption
Kati Bihu WhatsApp Status
Assamese Bihu Wishes
Frequently Asked Questions (FAQs)
What is Kati Bihu?
কাতি বিহু, যাক কঙালী বিহু বুলিও কোৱা হয়, অসমৰ তিনিটা বিহুৰ ভিতৰত এটা। এই বিহু আহিন (কাতি) মাহত পালন কৰা হয় আৰু মূলতঃ কৃষিজীৱী সমাজে ভাল ফচল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।
Why is Kati Bihu celebrated?
কাতি বিহু ধানৰ ভাল উৎপাদন, পৰিয়ালৰ সুখ-সমৃদ্ধি আৰু আই লক্ষ্মীৰ আশীৰ্বাদ লাভৰ উদ্দেশ্যে পালন কৰা হয়। এই দিনা তুলসী তলত, ধাননিত আৰু গোহালিত চাকি জ্বলোৱা হয়।
Why is Kati Bihu also called Kongali Bihu?
এই সময়ত ঘৰত আগৰ ফচল শেষ হৈ যায় আৰু নতুন ধান চপোৱাৰ সময়ো হোৱা নাথাকে। সেইবাবেই এই বিহুক কঙালী বিহু বুলি কোৱা হয়।
How is Kati Bihu celebrated?
কাতি বিহুত তুলসী তলত চাকি জ্বলোৱা, ধাননিত আকাশ বন্তি দিয়া, আই লক্ষ্মীৰ পূজা কৰা আৰু পৰিয়ালৰ মংগল কামনা কৰি প্ৰাৰ্থনা কৰা হয়।
How can I wish someone a Happy Kati Bihu?
আপুনি WhatsApp, Facebook, Instagram বা SMS-ৰ জৰিয়তে কাতি বিহুৰ শুভেচ্ছা, উক্তি, বাৰ্তা আৰু ষ্টেটাছ শ্বেয়াৰ কৰি আপোনজনক শুভেচ্ছা জনাব পাৰে।
When is Kati Bihu celebrated?
কাতি বিহু প্ৰতি বছৰে আহিন (কাতি) মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি সাধাৰণতে অক্টোবৰ মাহত এই উৎসৱ পৰে।
কাতি বিহু কেৱল এটা উৎসৱ নহয়, ই আশা, বিশ্বাস, প্ৰাৰ্থনা আৰু অসমৰ সংস্কৃতিৰ এক অনন্য প্ৰতীক। এই পোষ্টত দিয়া কাতি বিহুৰ শুভেচ্ছা, উক্তি, বাৰ্তা, ষ্টেটাছ, Facebook Caption আৰু WhatsApp Status আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু আপোনজনৰ সৈতে শ্বেয়াৰ কৰি এই পবিত্ৰ উৎসৱৰ আনন্দ আৰু শুভেচ্ছা বিয়পাই দিয়ক।



